إعدادات العرض
মোক অভিসম্পাতকাৰীৰূপে প্ৰেৰণ কৰা হোৱা নাই, বৰং মোক ৰহমত হিচাপেহে প্ৰেৰণ কৰা হৈছে।
মোক অভিসম্পাতকাৰীৰূপে প্ৰেৰণ কৰা হোৱা নাই, বৰং মোক ৰহমত হিচাপেহে প্ৰেৰণ কৰা হৈছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ কোৱা হ'ল যে, হে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম! আপুনি মুশ্বৰিকসকলৰ ওপৰত বদ্দুআ কৰক, তেতিয়া তেখেতে ক'লেঃ "মোক অভিসম্পাতকাৰীৰূপে প্ৰেৰণ কৰা হোৱা নাই, বৰং মোক ৰহমত হিচাপেহে প্ৰেৰণ কৰা হৈছে।"
[ছহীহ] [(মুছলিম)]
الترجمة
العربية Português دری Македонски Magyar Tiếng Việt ქართული Kurdî বাংলা ไทย Nederlands ਪੰਜਾਬੀ Bahasa Indonesia Kiswahili ភាសាខ្មែរ English ગુજરાતી Hausaالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰা হৈছিল যে, আপুনি আল্লাহৰ ওচৰত এই মুশ্বৰিকসকলৰ বাবে বদ্দুআ কৰক। তেতিয়া তেখেতে কৈছিলঃ মই আল্লাহৰ ফালৰ পৰা অভিসম্পাতকাৰীৰূপে প্ৰেৰিত হোৱা নাই যে, মই মানুহৰ প্ৰতি বদ্দুআ কৰিম আৰু সিহঁতক আল্লাহৰ ৰহমতৰ পৰা আঁতৰাই দিম, আৰু সিহঁতক কল্যাণৰ পৰা বঞ্চিত কৰিম। মোক এই উদ্দেশ্যে প্ৰেৰণ কৰা হোৱা নাই। বৰং মোক প্ৰেৰণ কৰা হৈছে যাতে মই মানুহৰ বাবে, বিশেষকৈ মুমিনসকলৰ বাবে কল্যাণ আৰু ৰহমতৰ কাৰণ হ'ব পাৰোঁ।فوائد الحديث
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল পূৰ্ণাংগ চৰিত্ৰৰ অধিকাৰী।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ অৱলম্বন কৰি নিজৰ জিভাক গালি-শপনি আৰু অভিসম্পাত আদিৰ পৰা পৱিত্ৰ ৰাখিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে।
হাদীছটোত অভিশাপ কৰিবলৈ নিষিদ্ধ কৰা হৈছে।
মানুহৰ প্ৰতি দয়া-অনুগ্ৰহ কৰিবলৈ উৎসাহিত কৰা হৈছে।
التصنيفات
নবৱী আদৰ্শ