ফজীলত আৰু শিষ্টাচাৰসমূহ

ফজীলত আৰু শিষ্টাচাৰসমূহ

10- চাৰিটা দোষ যাৰ ভিতৰত আছে, সি হৈছে প্ৰকৃত মুনাফিক। যাৰ মাজত এই চাৰিটা দোষৰ যিকোনো এটা আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ ভিতৰত মুনাফিকৰ এটা স্বভাৱ থাকি যায়। (সেই দোষ চাৰিটা হৈছে) যেতিয়া সি কথা কয়, মিছা মাতে, আৰু যেতিয়া সন্ধি বা চুক্তি কৰে তেতিয়া সেয়া অমান্য কৰে, এইদৰে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে তেতিয়া ভঙ্গ কৰে, লগতে কাজিয়া লাগিলে গালি শপনি পাৰে।

60- “আল্লাহৰ ওচৰত আটাইতকৈ প্রিয় বাক্য হৈছে চাৰিটা: سُبْحَانَ اللَّهِ (আল্লাহ মহা পৱিত্র), وَالْحَمْدُ لِلَّهِ (যাৱতীয় প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে) وَلاَ إِلَهَ إِلاَّ اللَّهُ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই) আৰু اللَّهُ أَكْبَرُ (আল্লাহ সৰ্বশ্রেষ্ঠ)। এই চাৰিটা বাক্যৰ যিকোনো এটা বাক্যৰে আৰম্ভ কৰাত কোনো অসুবিধা নাই।”

69- যি ব্যক্তিয়ে ‘লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুলকু অলাহুল হাম্দু, অহুৱা ‘আলা কুল্লি শ্বাইয়িন ক্বাদীৰ’ (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক আৰু অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, ৰাজত্ব তেওঁৰেই, প্রশংসাও তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান) দৈনিক দশবাৰ পাঠ কৰিব

94- বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।

99- মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা।