ফজীলত আৰু শিষ্টাচাৰসমূহ - الصفحة 3

ফজীলত আৰু শিষ্টাচাৰসমূহ - الصفحة 3

3- চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।

5- কিয়ামতৰ অন্যতম আলামত হৈছে, ইল্ম (জ্ঞান) উঠাই লোৱা হ'ব, অজ্ঞানতা প্ৰসাৰিত হ'ব, জিনা তথা ব্যভিচাৰ বেছি হ'ব, মাদক দ্ৰৱ্য সেৱনকাৰীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব, পুৰুষৰ সংখ্যা কমিব আৰু নাৰীৰ সংখ্যা বৃদ্ধি পাব, আনকি প্ৰতি পঞ্চাচজনী নাৰীৰ তত্ত্বাৱধায়ক হ'ব কেৱল এজন পুৰুষ।

17- হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? তেতিয়া মই ক'লোঁঃ {اللهُ لا إِلَهَ إِلا هُوَ الْحَيُّ الْقَيُّومُ} (এই আয়াতটো মোৰ ওচৰত বেছি গুৰুত্বপূৰ্ণ) এই কথা শুনি তেখেতে মোৰ বুকুত হাতেৰে থপথপাই ক'লেঃ হে আবুল মুনজিৰ! তোমাৰ জ্ঞানক উষ্ণ আদৰণি জনাইছোঁ।

25- তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।

28- চাৰিটা দোষ যাৰ ভিতৰত আছে, সি হৈছে প্ৰকৃত মুনাফিক। যাৰ মাজত এই চাৰিটা দোষৰ যিকোনো এটা আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ ভিতৰত মুনাফিকৰ এটা স্বভাৱ থাকি যায়। (সেই দোষ চাৰিটা হৈছে) যেতিয়া সি কথা কয়, মিছা মাতে, আৰু যেতিয়া সন্ধি বা চুক্তি কৰে তেতিয়া সেয়া অমান্য কৰে, এইদৰে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে তেতিয়া ভঙ্গ কৰে, লগতে কাজিয়া লাগিলে গালি শপনি পাৰে।

59- মানুহে ভৰোৱা আটাইতকৈ নিকৃষ্ট পাত্ৰটো হৈছে মানুহৰ পেট। কেৱল মেৰুদণ্ড পোনকৈ ৰাখিবলৈ যিখিনি খোৱাৰ প্ৰয়োজন কেৱল সেইখিনি ভক্ষণ কৰাটোৱে আদম সন্তানৰ বাবে যথেষ্ট। যদি ইয়াতকৈ বেছি খাবলগীয়াই হয় তেন্তে (পাকস্থলীৰ) এক তৃতীয়াংশক খাদ্যৰ বাবে আৰু এক তৃতীয়াংশক পানীৰ বাবে আৰু এক তৃতীয়াংশক উশাহ-নিশাহ লোৱাৰ বাবে ব্যৱহাৰ কৰা উচিত।

68- আল্লাহুম্মা ইন্নী আ’উজু বিকা মিনাল আ’জঝি অল কাছাল, অল জুব্নি, অল বুখল, অল হাৰাম। ৱা আজাবিল-কাব্ৰ। আল্লাহুম্মা আতি নাফ্‌ছী তাক্বৱাহা, অঝাক্কিহা আন্তা খাইৰু মান ঝাক্কা-হা, আন্তা অলিয়্যুহা ৱা মাওলাহা। আল্লাহুম্মা ইন্নী আ’উজু বিকা মিন ইল্‌মিল্ লা য়ান্‌ফা’, অমিন ক্বাল্বিল্ লা য়াখ্‌শ্বা’, অমিন নাফ্‌ছিন লা তাশ্ববা’, অমিন দা’ৱাতিল্ লা ইউস্তাজাবু লাহ।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ অক্ষমতাৰ পৰা, অলসতাৰ পৰা, কাপুৰুষতাৰ পৰা, কৃপণতাৰ পৰা আৰু বৃদ্ধ অৱস্থাৰ পৰা, লগতে কবৰৰ শাস্তিৰ পৰা। হে আল্লাহ! মোৰ অন্তৰত তাক্বৱা দান কৰা, আৰু ইয়াক পৰিশুদ্ধ কৰি দিয়া, কাৰণ তুমিয়ে সৰ্বোত্তম পৰিশুদ্ধকাৰী। তুমিয়েই ইয়াৰ অভিভাৱক আৰু ৰক্ষক। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে, আৰু এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, এনেকুৱা নফছৰ পৰা যিটো কেতিয়াও তৃপ্ত নহয়, আৰু এনেকুৱা দুআৰ পৰা যিটো কবূল কৰা নহয়।

89- যেতিয়া কোনো মুছলিমক কোনো বিপদে স্পৰ্শ কৰে, তেতিয়া তেওঁ যদি, আল্লাহে যি হুকুম কৰিছে সেইটোৱে হৈছে বুলি কৈ ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন। (ছুৰা আল-বাক্বাৰাহঃ ১৫৬) (অৰ্থাৎ আমি আল্লাহৰ বাবেই আৰু আল্লাহৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন।) পাঠ কৰে আৰু এই দুআটো পঢ়েঃ আল্লা-হুম্মা জুৰনী ফী মুচীবাতি ওৱা আখলিফ লী খয়ৰাম মিনহা। (অৰ্থাৎ হে আল্লাহ, মোক মোৰ এই বিপদৰ বিনিময়ত ছোৱাব দান কৰা, লগতে ইয়াৰ বিনিময়ত ইয়াতকৈ উত্তম বস্তু দান কৰা।) তেতিয়া মহান আল্লাহে তাক ইয়াতকৈও উত্তম বস্তু দান কৰে।