নাম আৰু বিধি-বিধান

নাম আৰু বিধি-বিধান

6- শুনা! তুমি আহলে কিতাবসকলৰ ওচৰলৈ অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰলৈ গৈ আছা। গতিকে তুমি সিহঁতৰ ওচৰলৈ যোৱাৰ পিছত সিহঁতক প্ৰথমে এই কথাৰ সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান কৰিবা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ প্ৰেৰিত ৰাছুল।

18- “তোমালোকৰ মাজৰ যিয়ে কোনো অন্যায় দেখা পাাইছে, সি যেন নিজৰ হাতৰ দ্বাৰা সেইটোক পৰিবৰ্তন কৰে, যদি এইটো কৰিব নোৱাৰে তেন্তে জিভাৰ দ্বাৰা অৰ্থাৎ মৌখিকভাৱে যেন বাধা দিয়ে, আৰু যদি সি এইটোও কৰিব নোৱাৰে তেন্তে সি অন্তৰৰ দ্বাৰা ইয়াক পৰিবৰ্তন (কৰাৰ পৰিকল্পনা) কৰা উচিত। এইটো হৈছে ঈমানৰ সৰ্বনিম্ন স্তৰ।”

44- চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।