إعدادات العرض
আখলাক্ব সম্পৰ্কীয় বিজ্ঞান
আখলাক্ব সম্পৰ্কীয় বিজ্ঞান
2- মহান আল্লাহে প্ৰতিটো বস্তুৰ প্ৰতি সদয় আচৰণ (ইহছান) ফৰজ কৰিছে।
3- অতীতৰ নবীসকলৰ পৰা মানুহে এই কথা জানিব পাৰিছে যে, যদি তোমাৰ লাজ নাথাকে তেনেহ’লে যি ইচ্ছা সেইটোৱে কৰা।
5- “মই তোমালোকক আটাইতকৈ ডাঙৰ (কবীৰাহ) গুনাহ সম্পৰ্কে সংবাদ নিদিমনে?
6- যেতিয়া কোনো ব্যক্তিয়ে তাৰ কোনো ভাতৃক ভালপায়, তেতিয়া সি তাক বিষয়টো জনাই দিয়া উচিত যে, সি তাক ভাল পায়।
7- তোমালোকে সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা আঁতৰত থাকিবা
10- নিশ্চয় আল্লাহে প্ৰত্যেক বিষয়তে (তোমালোকৰ ওপৰত) ইহছান তথা সদাচৰণ কৰাটো অত্যাৱশ্যক কৰিছে।
11- তুমি খং নকৰিবা।
13- যিয়ে নম্ৰতাৰ পৰা বঞ্চিত হয়, সি দৰাচলতে কল্যাণৰ পৰা বঞ্চিত হয়।
14- “তোমালোকে বেয়া ধাৰণা কৰাৰ পৰা বিৰত থকা, কাৰণ বেয়া ধাৰণা হৈছে আটাইতকৈ ডাঙৰ মিছা কথা।
17- যিয়ে কল্যাণৰ কামত কাৰোবাক পথ দেখুৱায়, তেওঁ সিমানেই ছোৱাব লাভ কৰিব, যিমানখিনি ছোৱাব আমলকাৰীয়ে পাব
18- চোগলখোৰ (ইজনৰ কথা সিজনক লগোৱা) ব্যক্তি জান্নাতত প্ৰৱেশ নকৰিব।
20- যি ব্যক্তিয়ে মানুহৰ প্রতি দয়া নকৰে, সৰ্বশক্তিমান আল্লাহেও তাৰ প্রতি দয়া নকৰে।
21- আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণনীয় ব্যক্তি হৈছে সেইজন, যিজন কলহপ্ৰিয়।
26- নিশ্চয় আল্লাহে অপ্রসিদ্ধ ধনী মুত্তাকী বান্দাক ভাল পায়।
30- নিশ্চয় তোমালোকৰ মাজত উত্তম হৈছে সেইজন, যিজন উত্তম চৰিত্ৰৰ অধিকাৰী।
31- নিশ্চয় আল্লাহে অন্যায়-অত্যাচাৰীক অৱকাশ দিয়ে। কিন্তু যেতিয়া কৰায়ত্ত কৰে তেতিয়া কোনো সুযোগ নিদিয়ে।
40- অতীতৰ নবীসকলৰ পৰা মানুহে এই কথা জানিব পাৰিছে যে, যদি তোমাৰ লাজ নাথাকে তেনেহ’লে যি ইচ্ছা সেইটোৱে কৰা।
42- মুছলিমক গালি দিয়াটো হৈছে ফাছেকী কাম আৰু আক্ৰমণ কৰাটো হৈছে কুফৰী।
45- তোমালোকে জানানে অভাৱী কোন?
46- যিয়ে মোৰ নামেৰে হাদীছ বৰ্ণনা কৰে, অথচ সি জানে যে, সেইটো মিছা, তেন্তে সিও হৈছে এজন মিছলীয়া।
50- যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।
51- “ইছলামৰ সৰ্বোত্তম অন্যতম এটা সৌন্দৰ্য হৈছে, অনৰ্থক অপ্ৰয়োজনীয় বিষয় পৰিত্যাগ কৰা।”
52- মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়।
61- নিশ্চয় আল্লাহে সেইসকল লোকক শাস্তি বিহিব, যিসকলে এই পাৰ্থিৱ জগতত মানুহক (অন্যায়ভাৱে) শাস্তি বিহে।
67- তুমি এনেকুৱা এষাৰ কথা কৈছা, যিটোক সাগৰৰ পানীত মিহলালে সাগৰৰ পানীৰ সোৱাদ পৰিবৰ্তন হৈ যাব।
69- নিশ্চয় অত্যাধিক অভিশাপকাৰীসকলে কিয়ামতৰ দিনা সাক্ষীও হ'ব নোৱাৰিব আৰু ছুপাৰিছকাৰীও হ'ব নোৱাৰিব।
