إعدادات العرض
ফিকহ আৰু উচুলে ফিক্হ - الصفحة 2
ফিকহ আৰু উচুলে ফিক্হ - الصفحة 2
8- যিজন বান্দাৰ দুয়ো ভৰি আল্লাহৰ পথত ধূলিৰে মলিন হয়, তাক জাহান্নামৰ জুয়ে স্পৰ্শ নকৰিব।
10- যিয়ে দুই শীতল নামাজ (ফজৰ আৰু আচৰ) আদায় কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।
15- বজাৰত বা ঘৰত অকলশৰীয়াকৈ পঢ়া নামাজৰ তুলনাত জামাতত আদায় কৰা নামাজৰ ছোৱাব বিছতকৈও অধিক গুণ বেছি।
21- সেই ব্যক্তিৰ নামাজ হোৱা নাই, যিয়ে নামাজত ছুৰা ফাতিহা পঢ়া নাই।
23- তোমালোকৰ মাজৰ যিয়ে জুমুআত উপস্থিত হ'ব, তেওঁ যেন গোছল কৰি লয়।
27- তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল। গতিকে প্ৰত্যেককে তাৰ অধীনস্থ লোকসকলৰ বিষয়ে প্ৰশ্ন কৰা হ'ব।
38- তোমালোকৰ মাজৰ প্ৰত্যেকেই আল্লাহৰ লগত এনেকৈ কথা ক'ব যে, তাৰ আৰু আল্লাহৰ মাজত কোনো অনুবাদকাৰী নাথাকিব।
39- সাগৰৰ পানী পৱিত্ৰ আৰু ইয়াৰ মৃত প্ৰাণী হালাল।
40- যদি পানীৰ পৰিমাণ দুই কুল্লাহ হয় তেন্তে সেই পানী নাপাক নহয়।
48- ইতিপূৰ্বে যিমান দিন তোমাৰ হায়েজ হৈছিল সেই পৰিমাণ দিন তুমি অপেক্ষা কৰিবা, তাৰ পিছত গোছল কৰিবা।
50- স্বামী অথবা মাহৰাম (যাৰ লগত বিবাহ নিষিদ্ধ) অবিহনে কোনো নাৰীয়ে যেন দুদিনৰ দূৰত্বৰ ভ্ৰমণ নকৰে।
53- দুয়ো কান্ধ খালি ৰাখি তোমালোকৰ মাজৰ কোনেও যেন এখন কাপোৰত নামাজ নপঢ়ে।
68- অভিশপ্ত সেই ব্যক্তি, যিয়ে স্ত্ৰীৰ মলদ্বাৰেৰে যৌন কামনা পূৰণ কৰে।
69- সমকামী ব্যক্তি অথবা স্ত্ৰীৰ পায়ু পথেৰে যৌন মিলন কৰা ব্যক্তিৰ ফালে আল্লাহে (ৰহমতৰ) দৃষ্টিপাত নকৰিব।
76- নিজৰ ধন-সম্পদ, প্ৰাণ আৰু জিভাৰ দ্বাৰা মুশ্বৰিকসকলৰ সৈতে সংগ্ৰাম কৰা।
80- মোৰ নাম হৈছে জিমাম ইবনে ছা'লাবাহ, বনী ছাআদ ইবনে বকৰৰ ভাতৃ।
81- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক নামাজৰ সময়তে অজু কৰিছিল।
82- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) এবাৰ এবাৰকৈ ধুইছিল।
83- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) দুবাৰ দুবাৰকৈ ধুইছিল।
85- প্ৰতিজন মুছলিমৰ ওপৰতে সপ্তাহত নূন্যতম এদিন গোছল কৰা অনিবাৰ্য, সেই গোছলত মূৰ আৰু শৰীৰ ধুই লব লাগিব।
89- মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মোৰ এই মছজিদত নামাজ পঢ়াটো এহেজাৰ গুণ উত্তম।
92- হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।
98- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক ফৰজ নামাজৰ পিছতে এই দুআ পঢ়িছিলঃ
99- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআটো পঢ়িছিলঃ "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।
